Diwali Festival Special Assamese:- নমস্কাৰ বন্ধু সকল, আপোনালোক সকললৈ স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন প্ৰবন্ধলৈ । বন্ধু সকল আজি আমি Diwali Festival Special Assamese আপোনালোকলৈ বুলি ঠেলি দিয়া হল ।
যদি আপুনি আমাৰ এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বিচাৰি পাইছে আৰু লাভৱান হৈছে তেন্তে আমাৰ Aamar Axom (www.aamaraxom.com) সম্পৰ্কে আপোনাৰ বন্ধু-বান্ধৱী আৰু পাঠকৰ সৈতে শ্বেয়াৰ কৰক।
Highlight of Diwali Festival Special Assamese
Name of the festival | Dipawali |
---|---|
Day | 24 October |
Year | 2022 |
Name of the days | Sunday |
Celebrated in | India |
Diwali Festival Special Assamese
প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই দীপাৱলী উৎসৱ পালন কৰে। লোক বিশ্বাস অনুসৰি দীপান্বিতা হ’ল ভগৱান ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাসৰ অন্তত ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি অযােধ্যাত প্রৱেশ কৰিছিল l
Also Read :- PRC Online Application
ৰামচন্দ্ৰৰ আগমনৰ আনন্দত সমগ্র অযােধ্যাবাসীয়ে ঘৰে ঘৰে বন্তি জ্বলাই চৌদিশ আলােকময় কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল। তেতিয়াৰ পৰাই এই পােহৰৰ উৎসৱ দীপান্বিতা সকলােৱেউৎযাপন কৰি আহিছে বুলি বিশ্বাস কৰা হয়।

ৰাৱনক বধ কৰি লংকাৰ পৰা ভগৱান শ্ৰীৰাম অযােধ্যা পাঁওতে এমাহৰ সময় লাগিছিল সেই বাবে দচেৰাৰৰ এমাহ পিছত দীপাৱলী পালন কৰা হয়। দীপাৱলী উৎসৱ সমগ্ৰ ভাৰতে অতিকৈ অত্যন্ত জনপ্ৰিয় আৰু ই অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়।
Also Read:- NSDL Pan Card Apply Online
দীপান্বিতা হ’ল পােহৰৰ দিৱস। ভাৰতৰ অন্যান্য ধৰ্মাৱলম্বী সকলে দেৱালীৰ লগতে নিজা উৎসৱ পালন কৰে। দেৱালীত লক্ষ্মী পূজা প্ৰদোষ কালত অনুষ্ঠিত হয়, যি সূৰ্যাস্তৰ পিছত আৰম্ভ হয়।
ভাৰতত থকা অন্যান্য ধৰ্মাৱলম্বী সকলে দেৱালীৰ লগতে নিজা উৎসৱ পালন কৰে। জৈন সকলে দেৱালীৰ লগতে তীৰ্থকৰ মহাবীৰৰ জ্ঞান প্ৰাপ্তি উদযাপন কৰে l